Saturday, November 16, 2013

সিদ্ধাৰ্থ ওৰফে সিদ্ধে (নেপালী কবিতা) 
মনপ্ৰসাদ চুব্বা
অসমীয়া অনুবাদ: কিৰণকুমাৰ ৰাই


যিদিনাখন লুম্বিনীত সিদ্ধাৰ্থৰ জন্ম হৈছিল
লুম্বিনীৰপৰা বহুদুৰ পুব দিশৰ এচুকত
মই জন্ম লভিলোঁ
মোৰ নামাকৰণ হৈছিল সিদ্ধিবাহাদুৰ
দেউতাই কিন্তু সিদ্ধাৰ্থ বুলি নাম দিলে
পাছত কিন্তু আনৰ বাবে মোৰ পৰিচয় হ'ল সিদ্ধে
আইতাই কিন্তু মৰমেৰে সিদ্ধু কৈছিল।

সিফালে সিদ্ধাৰ্থ ৰাজকাৰেঙত
ডাঙৰ-দীঘল হৈ আছিল
আনফালে মই ছাগলী পোৱালিৰ লগত
ধাননি পথাৰত জপিয়াই আছিলোঁ
সিফালে তেওঁক গাভৰু নাচনীবোৰে ঘেৰি ৰাখিছিল
আনফালে মই কুঁজা হৈ পৰা আইতাৰ মুখত পৰা
শেঁতাৰ হেজাৰ হেজাৰ ৰেখাবোৰ গণি আছিলো।   

এদিন আইতাৰ লগত বহি থাকোঁতে
আইতাই কোমল মাতেৰে 'সিদ্ধু সিদ্ধু' বুলি মাতিলে
আৰু পানী খুজিলে।
যেতিয়া মই বাটিত পানী লৈ ওচৰ চাপিলোঁ
আইতাই ইহলিলা সম্বৰণ কৰিলে।
আন বিছনাখনত দেউতা
পেটৰ বিষত ছটফটাই আছিল।

সেইবেলি মই নিজৰ ঘৰতে
ৰোগ-ব্যাধি-মৃত্যু  প্ৰত্যক্ষ কৰিছিলোঁ।
কিন্তু সিদ্ধাৰ্থই সেইবোৰ
ডেকা বয়সতহে দেখা পালে
আৰু
ফলত সিদ্ধাৰ্থ সন্যসী হৈছিল বুলি জানিলোঁ।

কিন্তু মই সিদ্ধে হৈ
ৰোগ-ব্যাধি-মৃত্যুৰ লগতে জীয়াই থাকিবলৈ শিকিলোঁ
আৰু বাৰুকৈ সাংসাৰিকতাক আকোরালি ললোঁ ।

সিদ্ধাৰ্থই যেতিয়া ৰোগ-ব্যাধি-মৃত্যুৰপৰা
মানুহক দিবলৈ পথৰ সন্ধান কৰি আছিল
মই দেঊতাৰ নিৰাময়ৰ বাবে ঔষধ বিছাৰি আছিলোঁ
তেওঁ যেতিয়া কাৰেঙঘৰ পৰিত্যাগ কৰিছিল
তেতিয়া মই বন্ধকত ৰখা ঘৰ মোকলাবলৈ বাট বিছাৰি আছিলোঁ

কালক্ৰমত তেওঁ
সিদ্ধাৰ্থৰপৰা সিদ্ধ আৰু বুদ্ধ হ'ল
কিন্তু মই সিদ্ধাৰ্থৰপৰা সিদ্ধে হৈ দেউলীয়া হ'লো
মোৰ দৰে তেওঁৰ শৰীৰেও আশী বছৰ বয়সতে মেলানি মাগিছিল

তেওঁৰ পুনৰ্জন্ম হ'ল অগণন মুৰ্তিবোৰত
সেইদৰে মোৰো পুনৰ্জন্ম হ'ল
কোটি কোটি সিদ্ধাৰ্থ আৰু সিদ্ধেৰ ৰুপত।

যতে হওক, যি ধাতুৰে গঢ়া নহওক কিয়
কিন্তু তেওঁ বুদ্ধ- সদায় শান্ত, সৌম্য আৱু নিৰপেক্ষ
যতে হওক, যেতিয়াই হওক, যি জাতিতে জন্ম নলওঁ কিয়
কিন্তু মই সিদ্ধাৰ্থ- সদায় কক্‌বকাই থকা, ছটফটাই থকা....

No comments:

Post a Comment